মগনিয়াৰ কথা কবিতা

অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

1। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰ নাথ দুৱৰা ৷


2। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷


3। যতীন্দ্ৰনাথ দুৱৰাক কি কবি  বুলি জনা যায়?
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি  বুলি জনা যায় ৷


4। 'ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ 'ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ  'ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷


5। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই 'বনফুল' কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷


চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)

১। কথা-কবিতা বুলিলে কি বুজা?পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা ৷
উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-
    ১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে ৷
    ২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷


২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয় ৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে ৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয় ৷ ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷


৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷
উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷ 
                                   তেওঁ ৰচনা কৰা এখন পুথি হ’ল ৰুবায়ৎ ৷

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে ৷ কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷


৫। 'ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই ৷’ - কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?
উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল ৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল ৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷


দীঘল প্ৰশ্ন (মূল্যাংক - ৪/৫)

১। 'মগনিয়াৰ' শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ "মগনিয়াৰ" এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ "The Beggar" নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷

 ২। 'মগনিয়াৰ' পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰঃ 'মগনিয়াৰ' যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় ৷ 'মগনিয়াৰ' কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক ৷ 'মগনিয়াৰ' কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে ৷ কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷ সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে ৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত ৷ 'মগনিয়াৰ' কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷

৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷
উত্তৰঃ অসমীয়া সাহিত্যজগতত 'বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে ৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ ৷ 'বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল ৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া ৷ ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ 'Poems in Prose' আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল ৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে 'কথা-কবিতা’৷

 ৪। 'মগনিয়াৰ' পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ 'মগনিয়াৰ' পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ৷
কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা ৷ ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে ৷ দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত ৷ মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্বৰূপটো উপলব্ধি কৰিছে ৷ যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে ৷ ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে ৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷

 ৫। 'মগনিয়াৰ' পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ  ভাষাত লিখা ৷
উত্তৰঃ কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্ন" অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷

১। কথাকবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ :কথা কবিতা এবিধ কবিতাই। ইয়াত ভাৱ প্ৰকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিবার্চন কৰি লােৱা হয়। কথা-কবিতা পদ্যময় ৰচনা হয়। কথা-কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰে।

(প্ৰতিটো প্রশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। কথাকবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ :কথা কবিতা এবিধ কবিতাই। ইয়াত ভাৱ প্ৰকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিবার্চন কৰি লােৱা হয়। কথা-কবিতা পদ্যময় ৰচনা হয়। কথা-কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰে।কথা কবিতাৰ কেইটিমান লক্ষণ হলঃ
কথা-কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপাত্মক। কথা কবিতা চিত্র ধর্মিতাৰ ওপৰত প্রতিষ্ঠিত।

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?
উত্তৰ: কবিতা আৰু কথা-কবিতাৰ মাজত থকা পার্থক্যবােৰ হ’ল–
(ক) কথা-কবিতা এবিধ কবিতা হ’লেও সম্পূর্ণ ৰূপে কবিতা নহয়, কিন্তু কবিতা এটি সম্পূর্ণ কৰি সূলভ মনােভাবেৰে লিখা হয়।
(খ) কথা-কবিতা চিত্রধর্নিতাৰ ওপৰত প্ৰতিষ্ঠিত; কিন্তু কবিতা যে চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত হ’বই লাগিব তেনেকুৱা একো কথা নাই ।
(গ) কথা কবিতাত ৰূপৰ সমাবেশ থাকে। আনহাতে সকলো কবিতাত প্রতীক বা ৰূপক নাথাকে ।

৩। ওমৰ খায়ম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা
উত্তৰঃ ওমৰ খায়াম ফাচী ছুৰ্ফী কবি আছিল। তেওঁ ৰচনা কৰা পুথি এখন হ’ল ‘ৰুবায়ত’।

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পােৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়াৰজনে কবিৰ পৰা মানবীয় সহানুভূতি আৰু আন্তৰিকতা দান পােৱাৰ কথা কৈছে।

৫। ককাই, মোৰ ওপৰত খং নকৰিব? মােৰ হাতত একোৱেই নাই।’— কোনে কি প্রসংগত এই উক্তি কৰিছিল?
উত্তৰঃ এই কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোতে হাড়-ছাল ওলােৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ’লহি। দৰিদ্ৰ ওঁঠ, ছাল ফটা মগনিয়াৰজনক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মােনাত একো বিচাৰি নাপালে, আনকি এখন ৰুমালাে নাছিল কবিৰ ওচৰত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে তেতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে তেতিয়া বৰ আন্তৰিকতাৰে মগনিয়াৰ জনৰ হাত দুখন সাৱটি ধৰি একো দিব নােৱাৰা কাৰণে তেওঁক খং নকৰিবলৈ প্ৰশ্নত উদ্ধৃত কথাখিনি কৈছিল।

১। মগনিয়াৰ শীর্ষক কথা কবিতাটিৰ সাৰাংশ লিখা
উত্তৰঃ কৰি যতীন্দ্র নাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলােৱা মগনিয়াৰ আহি কবিৰ দুৱাৰৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপােৰে দৰিদ্ৰতাৰ শােকদায়ক ছৱি দাঙি ধৰিছে। মগনিয়াৰজনে উখহা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিছে। কবিয়ে মােনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাহিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখন সাৱটি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনত অলপ হাঁহি আনি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে । লগতে মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক একপ্ৰকাৰৰ দান বুলিয়ে কবি দুৱৰাৰ সন্মুখত ব্যক্ত কৰিছে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পােৱা বুলি কৈ ৰূপকাত্মক অর্থ প্রকাশ কৰিছে। পাঠটোৰ মুখ্য কেন্দ্রস্থ ভাৱ হৈছে দৰিদ্রতা, সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা।

২। মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি কি লক্ষ্য পৰিস্ফুট হৈছে?
উত্তৰ: যতীন্দ্রনাথ দুৱাৰৰ মগনিয়াৰ পাঠটি এটি কথা-কবিতা। এই কবিতাটোত কথা- কবিতাৰ উল্লেখিত লক্ষণসমূহ পৰিস্ফুট হৈছে-
(ক)কথা কবিতা ৰূপাত্মক।’ মগনিয়াৰ’ কথা-কবিতাটোত মগনিয়াজনক গােটেই মগনিয়াৰ শ্ৰেণীটোৰে প্ৰতীক তথা ৰূপ হিচাপে গ্ৰহণ কৰা হৈছে।
(খ)কথা কবিতাৰ চিত্ৰধর্মিতাও মগনিয়াৰ কথা কবিতাটিত ফুটি ওলাইছে। ইয়াত সর্বস্বান্ত কবিৰ দৰিদ্ৰতা আৰু মগনিয়াৰ জনৰ দৰিদ্ৰতাৰ সুন্দৰ চিত্ৰ পৰিষ্কাৰকৈ প্রকাশ পাইছে।
(গ) কথা কবিতাৰ এটাই মাথােন কেন্দ্রস্থ ভাৱ থকা বৈশিষ্ট্যও ‘মগনিয়াৰ’কথা কবিতাটিত প্রকাশ পাইছে। কবি আৰু মগনিয়াৰ জনৰ মাজত এটাই মাথােন সাদৃশ্য আছে, সেয়া হ’ল দুয়ােৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে ‘মগনিয়াৰ কথা কবিতাটিৰ কেন্দ্রস্থ ভাৱ।

৩. কবি যতীন্দ্র নাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ কবি যতীন্দ্র নাথ দুৱৰাদেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমােলাপট্টিত জন্ম হয়। কবি যতীন্দ্র নাথ দুৱদেৱে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা আৰম্ভ কৰিছিল । তেওঁ ছাত্র অবস্থাত ৰচনা কৰা কবিতা পুথিকেইখন হ’ল- ওমৰ তীর্থ, আপােন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ তেওঁৰ একমাত্র কথা-কবিতাৰ পুথি। ফাৰ্চী ছুফী কৰি ওমৰ খায়ামৰ ‘ৰুবায়ত’ৰ প্ৰথম অসমীয়ালৈ ভাবানুবাদ কৰি দুৱৰাই ‘ওমৰ তীর্থ’ পুথিখনি ৰচনা কৰে। ‘বনফুল’ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটাও লাভ কৰিছিল। এই বঁটা লাভ কৰা তেৱেঁই প্রথম অসমীয়া। দুৱদেৱে ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুর্বিংশ অধিৱেশৰ সভাপতিত্বও কৰিছিল। ১৯৬৪ চনত শিৱসাগৰত দুৱাৰৰ মৃত্যু হয়।

মগনিয়াৰ কথা কবিতাটোৰ মূলভাৱ

৪।’ মগনিয়াৰ’পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূলভাবটি তােমাৰ ভাষাত লিখা।

উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্র নাথ দুৱৰাদেৱৰ ‘কথা কবিতা’নামৰ পুথিখনৰ পৰা লােৱা হৈছে। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড়-ছাল ওলােৱা এজন বুঢ়া-বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ’লহি। মগনিয়াৰ জনৰ শেতা পৰা ওঁঠ, ৰঙা চকু আৰু ফটা-চিটা কাপােৰৰ দৰিদ্ৰ ৰূপটো দেখি কবিৰ মন ব্যথাৰে ভৰি পৰিল। সেই মুহুর্ততে মগনিয়াৰ জনে কবিৰ কাষলৈ আহি ভিক্ষা খােজাত কবি দোধোৰ-মােধোৰ অৱস্থাত পৰিছিল। কবিয়ে চোলাৰ মােনাত হাত ফুৰাই চালে, কিন্তু একো নাপালে। আনকি এখন ৰুমালাে কবিয়ে বিচাৰি নাপালে। কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবােধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নােৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমর্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ককাই’ বুলি মগনিয়াৰ জনক সম্বােধি তেওঁক খং নকৰিবলৈ অনুৰােধ জনালে। তাকে শুনি শেতা পৰা ওঁঠ দুটাৰে মগনিয়াৰ জনে বিস্মিত হৈ এটা শেতা হাঁহি মাৰিলে। তাৰ পাছত কবিৰ হাত দুখনত দুর্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল— “একো কথা নাই, ইয়াৰ বাবে
অশেষ ধন্যবাদ। ইও যে এটা দান।” নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্রহ কৰিলে। অর্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি। সেই কথাটো কবিয়ে মগনিয়াৰ জনৰ পৰা উপলব্ধি কৰিব পাৰিলে । আন্তৰিকতাই যে
নিঃস্বজনৰ মনতাে আশাৰ সঞ্চাৰ কৰিব পাৰে তাকেই উক্ত কথা-কবিতাটিৰ জৰিয়তে ক’বলৈ। বিচৰা হৈছে।


                                               A good news to all Hs Students                                                      


2024 বৰ্ষৰ Hs 2nd Year ছাত্র-ছাত্ৰীৰ সুবিধার্থে English, Assamese, Physics, Chemistry,Biology আৰু Logic & Philosophy Model Question Paper ইতিমধ্যে Publish কৰা হৈছে, তলৰ link টোত Click কৰি Model বোৰ Purchase কৰিব পাৰিব।