আঘােণৰ কুঁৱলী কবি:কেশৱ মহন্ত
পাঠভিত্তিক প্রশ্নোত্তৰ
আৰ্হি প্রশ্ন
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্রশ্নৰ মূল্যাংক -১)
১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰ: কেশৱ মহন্তই "মােৰ যে কিমান হেঁপাহ" কাব্যগ্রন্থ খনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।
উত্তৰ: কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিখনৰ হ'ল নাম "মােৰ যে কিমান হেঁপাহ"।
৩। "পছােৱা" আলােচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল ? উঃমঃ২০২০ ২০২২
উত্তৰ: হেম বৰুৱা।
৪। কেশৱ মহন্তই কোনখন আলােচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল।
উত্তৰ: কেশৱ মহন্তই "জয়ন্তী" আলােচনী খনৰ দ্বাৰা প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল ।
৫। "আঘােণৰ কুঁৱলী" শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী' কোন?
উত্তৰ: "আঘােণৰ কুঁৱলী" শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী' হ'ল কবিৰ প্রেয়সী।
(খ) চমু প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ / ৩)
১। জয়ন্তী’ৰ কবিতাসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: জয়ন্তীৰ কবিতাসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হʼল -
(ক)জয়ন্তী’আলােচনীখনৰ কবিসকলৰ কবিতাত প্ৰধানকৈ কৃষক, শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি অংকিত হৈছে।
(খ) ʼজয়ন্তীʼৰ পাতত সন্নিবিষ্ট কবিতাবােৰৰ চিত্ৰকৰা অতি সংবেদনশীল আৰু মনােৰম।
২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যােগােৱা তিনিখন আলােচনীৰ নাম লিখা।
উত্তৰ: জয়ন্তী, পছােৱা আৰু ৰামধেনু।
৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম হ'ল "আমাৰ পৃথিৱী" আৰু "আগন্তুক"।
৪। আঘােণৰ পথাৰত কাম আৰু কাম।'—কবিয়ে আঘােণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে ?
উত্তৰ: আঘােণৰ পথাৰত দাৱনীসকল অতি ব্যস্ত হৈ পৰে। তেওঁলােকৰ লিহিৰি হাতৰ আঙুলিৰ মাজত আৱদ্ধ কাচিখন পথাৰৰ ধাননিৰ মাজত দ্রুত গতিৰে চিক্ মিকাই উঠে যেতিয়া তেওঁলােকে ধান দাবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁলােকৰ ওপৰলৈ মূৰ তুলি চাবলৈকো সময় নাথাকে। সেই কাৰণে কবিয়ে আঘােণৰ পথাৰত দাৱনী সকলৰ কামৰ বিষয়ে উল্লেখ কৰিছে।
৫। উৰুলি’ আৰু ৰাগি’ শব্দ দুটাৰ অর্থ লিখা।
উত্তৰ: উৰুলি: শুভ কার্যত তিৰােতাসকলে কৰা বিশেষ ধ্বনি
ৰাগি: নিচা বা মাদকতা।
(গ) দীঘল প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ / ৫)
১। আঘােণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।
উত্তৰ: আঘােণৰ পথাৰত ধান দাবলৈ যেতিয়া দাৱনী গাভৰু জাক ব্যস্ত হৈ পৰিছে, তাৰ মাজতেই কবিয়ে তেওঁৰ মন পছন্দৰ প্রেয়সী সেউতী জনীৰ সন্ধান কৰিছে। কিন্তু আঘােণৰ কুৱলী ৰূপী সমাজৰ বিধিপথালিৰ বাবে কবিৰ একান্ত ইচ্ছা থকা স্বত্বেও কবিয়ে তাইৰ কাষ চাপিব পৰা নাই। অৱশ্যে কুঁৱলী নথকা হ'লে কবিয়ে পথাৰত পতা সােণবৰণীয়া ধানৰ আচল আৰু তাৰ লগতে লিহিৰি হাতৰ আঙুলিৰ মুঠিত আৱদ্ধ বহুতাে দ্রুতগতিৰ কাচি দেখিবলৈ পালেহেঁতেন আৰু হয়তাে নেদেখাৰ ভাও ধৰি কবিৰ প্ৰেয়সীও সেইজাক গাভৰুৰ মাজতে আছিল নেকি এবাৰ চাব পাৰিলেহেতেন। ইয়াত কবিয়ে আঘোণমহীয়া সোণোৱালী ধাননিৰ মনপৰশা চিত্ৰৰ লগতে গাঁৱলীয়া জীৱনৰ কৃষক-বনুৱাৰ ডেকা-গাভৰুৰ প্ৰেমৰ পথত দেখা দিয়া বাধাই কিদৰে মনত বিষাদবােধৰ সৃষ্টি কৰে সেই কথা কবিয়ে কবিতাটি প্ৰকাশ কৰিছে।
২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র “আঘােণৰ কুঁৱলী“ত কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা।
উত্তৰ: আঘোঁণৰ পথাৰ ধানেৰে মন বৰণীয়া হৈ থাকে। এই পথাৰৰ এক মনোমোহা চিত্ৰ আঁঘোণৰ কুৱলী কবিতাটোত মনােৰম ভাষাত কবিয়ে বর্ণনা কৰিছে। আঁঘোণৰ পথাৰ কুঁৱলীৰে আবৃত। যদি কুঁৱলী নাথাকিলেহেঁতেন তেতিয়া হ'লে কবিয়ে অপূর্ব সুন্দৰ আঁঘোণৰ পথাৰত আছে দেখিলেহেঁতেন সােণ বৰণীয়া ধানৰ পথাৰ। তাত দাৱনিবােৰে কেচ কেচ শব্দ কৰি কাচিৰে ধান কটাৰ দৃশ্য আৰু ওপৰলৈ মূৰ তুলিবলৈ সময় নােপােৱা দাৱনিবােৰৰ খােপাবন্ধা মূৰবোৰ। তাত দাৱনিবােৰে হাঁহিৰ খলকনি তোলা দৃশ্য। নােচোৱাৰ ভাও জুৰি কবিয়ে তেওঁলোকক চালেহেঁতেন কিজানি তেওঁৰ সেউতীজনী সেই দাৱনিৰ মাজতেই আছে। আঁঘোনৰ পথাৰত দাৱনিৰ বহুত কাম। দাৱনিবােৰে ধান দাই থকাৰ সময়ত আকাশেদি উৰি যােৱা হাঁহৰ জাকৰ দৃশ্য। কিন্তু এই সকলােবােৰ কুঁৱলী ঢাকি ৰখা বাবে কবিৰ মনত বিষাদ। এনেদৰে তেওঁ আঘোঁণৰ পথাৰৰ মন পৰশা চিত্র বর্ণনা কৰিছে আঘোঁণৰ কুঁৱলী কবিতাত।
৩৷ "আঘােঁণৰ কুঁৱলী" শীর্ষক কবিতাটিত সহজ সৰল প্ৰেমৰ চিত্র কেনেদৰে অংকিত হৈছে বুজাই লিখা।
উত্তৰ: আঘোণৰ কুঁৱলী কবিটিত আঘোঁণৰ পথাৰৰ সােণবৰণীয়া ধানৰ মনােমােহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোঁণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবােধ তাৰ সহজ সৰল প্রকাশ আছে। কবিয়ে আঘোঁণৰ পথাৰৰ দাৱনিবােৰৰ মাজত তেওঁৰ সেউতীৰ সন্ধান কৰিছে। কিন্তু কুঁৱলীয়ে বাটভেটি আমনি কৰাৰ বাবে একোকে মনিব পৰা নাই। কবিয়ে সেউতীক ভাল পায়, কিন্তু তেওঁৰ কথা সেউতীয়ে জানে নে নেজানে কবিয়ে কʼব নােৱাৰে। আঘোঁণৰ কুঁৱলীৰ মাজতে কবিৰ সেউতীজনী হেৰাই যােৱা বুলি ভাবি কবিৰ মনত বিষাদে ঠাই পাইছে।
৪। "আঘােঁণৰ কুঁৱলী" ত কবিৰ অন্তৰৰ বিষাদবােধ কিদৰে প্রকাশ পাইছে ?
উত্তৰ: কবি কেশৱ মহন্ত দেৱে ‘আঘােঁণৰ কুঁৱলী' কবিতাটোত এহাল ডেকা-গাভৰুৰ প্ৰেমৰ সম্পর্ক আৰু সিহঁতৰ অন্তৰৰ আৰ্তনাদ অতি দুখজনক ভাৱে অংকণ কৰিছে। আঘােঁণৰ পথাৰত ধান দাবলৈ যেতিয়া দাৱনী গাভৰুজাক ব্যস্ত হৈ পৰিছে, তাৰ মাজতে কবিয়ে তেওঁৰ মন-পছন্দৰ প্ৰেয়সী সেউতীজনীৰ সন্ধান কৰিছে। কিন্তু আঘােঁণৰ কুঁৱলীৰূপী সমাজৰ বিধি-পথালিৰ বাবে কবিৰ একান্ত ইচ্ছা থকা স্বত্ত্বেও কবিয়ে তেওঁৰ প্ৰেয়সীগৰাকীৰ কাষ চাপিব নােৱাৰিলে। অশেষ যত্ন কৰিও কবিয়ে মনৰ গােপন কথাখিনি সেউতীৰ আগত ব্যক্ত কৰিব নােৱাৰিলে। জীৱন লগৰী কৰিম বুলি সেউতীক লৈ কবিয়ে যি সপােন ৰচনা কৰিছিল সেয়া পূর্ণ নহ'ল। যাৰ ফলত কবিৰ অন্তৰ দুখ আৰু বেদনাৰে ভৰি পৰিছে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:
(ক) আঘােণৰ পথাৰৰ দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘােণৰ পথাৰত কাম আৰু কাম।
উত্তৰ: উদ্ধৃত হৃদয়স্পর্শী কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা‘আঘােণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেৰে কবি কেশৱ মহন্তই অসমীয়া সমাজ জীৱনৰ আঘােণৰ ব্যস্তময় সময়ছােৱাৰ কথা প্রকাশ কৰিছে। অসমীয়া গ্রাম্য আৰু কৃষিকেন্দ্রিক সমাজত আঘােণ মাহৰ গুৰুত্ব অধিক। সেই সময়ছােৱাতে কৃষিনির্ভৰ আৰু কৃষিজীৱী লােকৰ কামৰ দায়িত্ব বৃদ্ধি হয়। আঘােণ মাহৰ পথাৰত দাৱনীয়ে ধান দায় ঘৰলৈ আনে। সেই দাৱনীৰ মাজত কবিয়ে নিজৰ প্রেয়সী সেউতীৰ সন্ধান কৰিছে। আঘােণ মাহতে অসমলৈ কুঁৱলী আৰু শীতৰ আগমন হয়। তেনে এক হৃদয় শিহৰণকাৰী সময়ত কৃষিজীৱী লােকৰ কর্মময় জীৱনৰ প্রতিচ্ছবি কবিয়ে প্রশ্নোদ্ধৃত কবিতা কেইশাৰীৰ মাজেৰে প্ৰকাশ কৰিছে।
(খ) আঘােণৰ আকাশতে উৰুলিৰ ৰাগি আছে,
ৰাগি আছে,
আঘােণৰ আকাশত ৰাগি আৰু ৰাগি।
উত্তৰ: উক্ত কবিতা দুফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মহন্ত দেৱৰ ৰচিত ‘আঘােণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। আঘােণৰ পথাৰত কর্মব্যস্ততাৰ মাজতাে ডেকা-গাভৰৰ মাজত প্ৰেমৰ ৰাগি যে চিৰ প্রৱাহিত হৈ আছে তাকেই কবিয়ে প্রকাশ কৰিছে। আঘােণ মাহৰ পকা ধাননিৰ পথাৰত ব্যস্ততাৰ মাজতাে যেন সকলাে ডেকা-গাভৰুৱে উৰুলি কৃত হৈ আনন্দেৰে ধান চপােৱাত ব্যস্ত হৈ পৰে। সেই সময়ত ধান দাই থকা দাৱনীবােৰৰ অনুপ্ৰেৰণাতে কোনোজনীৰ প্রতি মৰমৰ ভাব ভাগি উঠি ৰাগি লাগে। তদুপৰি আঘােণৰ আকাশেৰে বন-হাঁহ জাকি মাৰি উৰি কলৰৱ ধ্বনিৰে কোনােবা বিললৈ গুচি গৈছে। বন হাঁহৰ সুমধুৰ কলৰৱ ধ্বনি আৰু দাৱনীহঁতৰ হাঁহি-খিকিন্দালিয়ে আঘােণৰ পথাৰ আকাশ সকলােতে প্রাণ চঞ্চল কৰা ৰাগিনীৰ সৃষ্টি কৰিছে।
৫। "ককাই, মােৰ ওপৰত খং নকৰিবা, মােৰ হাতত একোৱেই নাই।" - কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ?
উত্তৰ: এই কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড়-ছাল ওলােৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি। দৰিদ্ৰ, ওঁঠ, ছাল ফটা মগনিয়াৰজনক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মােনাত একো বিচাৰি নাপালে, আনকি এখন ৰুমালাে নাছিল কবিৰ ওচৰত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে তেতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে তেতিয়া বৰ আন্তৰিকতাৰে মগনিয়াৰ জনৰ হাত দুখন সাৱটি ধৰি একো দিব নােৱাৰা কাৰণে তেওঁক খং কৰিবলৈ প্ৰশ্নত উদ্ধৃত কথাখিনি কৈছিল ।
প্ৰশ্ন ১। পছোৱা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল ? উ: ম: ২০১৫, ১৬, ২০, ২২
উত্তৰ: ‘পছোৱা’ আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল।
প্ৰশ্ন ২।আঘোণৰ কুঁৱলীয়ে কি ভেটিছে ? উ: ম: ২০২০
উত্তৰ: আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰিছে।
প্ৰশ্ন ৩। ৰদ জিকিমিকি’কাব্যগ্ৰন্থখনৰ ৰচক কোন ? উ: ম: ২০১৯
উত্তৰ: ৰ'দ জিকিমিকি' কাব্যগ্ৰন্থখনৰ ৰচক কেশৱ মহন্ত।
প্ৰশ্ন ৪। কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ? উ: ম: ২০২০
উত্তৰ: কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম হল- আমাৰ পৃথিৱী।
প্ৰশ্ন ৫। কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুধনৰ নাম লিখা।উ: ম: ২০২০
উত্তৰ: কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ লাম হ'ল-
(i) ওমলা ঘৰ আৰু (ii) মা আমি শদিয়ালৈ যামেই।
প্ৰশ্ন ৬। কেশৱ মহন্ত ৰচিত গীতৰ সংকলনখনিৰ নাম লিখা। উ: ম: ২০১৮
উত্তৰ: কেশৱ মহন্ত ৰচিত গীতৰ সংকলন খনিৰ নাম হ'ল- "মোৰ যে কিমান হেঁপাহ'।"
প্ৰশ্ন ৭। আঘোণৰ কুঁৱলী' কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল ? উ: ম: ২০২০
উত্তৰ: আঘোণৰ কুঁৱলী' কবিতাটিত কবিয়ে সেউতীক উদ্দেশি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো হ'ল (“বৌদেউ, আপুনিযে কৈছিলে সেউতীৰ কথা ! মোৰ কথা সেউতীক কৈছিলে জানো?”)
প্ৰশ্ন ৮। জয়ন্তী' আলোচনীখনৰ কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল ? উ: ম: ২০১৫, ১৬
উত্তৰ: জয়ন্তী' আলোচনীখন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল। ব্যক্তি দুগৰাকী হ'ল- (১) কমল নাৰায়ণদেৱ আৰু (২) চক্ৰেশ্বৰ ভট্টাচার্য।
প্ৰশ্ন ৯। কবি কেশৱ মহন্তই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ? উ: ম: ২০১২, ১৫
উত্তৰ: কবি কেশৱ মহন্তই 'মোন যে কিমান হেঁপাহ' নামৰ পুথিখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
প্ৰশ্ন ১০। আঘোণৰ কুঁৱলীত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে। উ: ম: ২০১৯
উত্তৰ: কবিয়ে আঘোণৰ কুঁৱলী নামৰ কবিতাটিত এহাতে আঘোণৰ পথাৰৰ সোণোৱালী দৃশ্যৰে মন পৰশা চিত্র অংকন কৰিছে। আনহাতে কুঁৱলীয়ে বাট ভেটি আমনি কৰি কবিৰ অন্তৰৰ বিষাদবোধৰ ছবিও ফুটাই তুলিছে। আঘোণৰ পথাৰখনৰ লগত কবিৰ আশা-ভৰসা, প্রেম বিৰহ লুকাই আছে। পথাৰত ধান দাই থকা দাৱনী জাকৰ মাজতে তেওঁৰ প্ৰিয়তমা সেউতীও আছে বুলি তাইৰ মুখখন চাবলৈ কবিৰ যে কিমান হেঁপাহ। দূৰৰ পৰাই কবিয়ে সেউতীক চাবলৈ চেষ্টা কৰিছে। আকাশেৰে উৰি যোৱা বন- হাঁহজাকৰ দৰে কবিৰ মনো সেউতীৰ কাষলৈ উৰি যাব খোজে। কিন্তু তাতে কুঁৱলীয়ে বাধা দিছে। হঠাতে কুঁৱলীয়ে আহি কবিক বাধা দি বাট ভেটি ধৰিলে। তেওঁ চকুৰে একো নমনা হৈ সেউতীক নেদেখিলে লগে লগে কবিৰ মনলৈ বিষাদ আহিল । এইদৰে আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল....।
প্ৰশ্ন ১১। আঘোণৰ পথাৰত কাম আৰু কাম কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে ? উ: ম: ২০১৫, ১৯
নাইবা
আঘোণৰ পথাৰত দাৱনীৰ কাম আছে।
আঘোণৰ পথাৰত কাম আৰু কাম।
উত্তৰ: কবিয়ে আঘোণৰ পথাৰত ধান কটা আৰু ধান চপোৱা কামৰ কথা কৈছে। আঘোণৰ পথাৰখন পকা ধানেৰে সোণোৱালী হৈ পৰে। এই পথাৰখনেই হ'ল গাঁৱৰ কৃষকসকলৰ আশাৰ থল। সোণ বৰণীয়া হৈ থকা পথাৰখন দেখি তেওঁলোকৰ মনত কিমান যে আনন্দ লাগে। পুৰুষৰ সৈতে মহিলায়ো পথাৰৰ পৰা ধান কটা, ধান চপোৱা, চাহ জলপান যোগাৰ দিয়াকে ধৰি বহুতো কাম কৰে। ধান চপাবলৈ দাৱনীয়ে মূৰত ওখকৈ খোপা বান্ধি লিহিৰি লিহিৰি আঙুলিৰ মুঠিত কাচিখন লৈ পথাৰত নামে। দাৱনীয়ে তামোলৰ পিকেৰে ওঁঠৰঙা কৰি ডালিম গুটীয়া দাঁত উলিয়াই হাঁহা আদি দৃশ্য কবিয়ে বৰ মনোৰম ৰূপত উপস্থাপন কৰিছে। সেইসময়ত কাৰো সময় নাথাকে। দাৱনীসকলে আঘোণত ধান চপাই নথলে শ্রম যেন অথলে যাব। ইয়াত কবিয়ে আঘোণ মাহত মহিলাসকলৰ ব্যস্ততাৰ কথাকে কৈছে।
প্ৰশ্ন ১২। আঘোণৰ কুৱলী শীৰ্ষক কবিতাটিত সহজ-সৰল, প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। উ: ম: ২০১৫
উত্তৰ: আঘোণৰ কুঁৱলী কেশৱ মহন্তৰ মূলতঃ এটি সহজ গাঁৱলীয়া প্ৰেমৰ কবিতা। কবিতাটিত সহজ-সৰল মন প্ৰশা গাঁৱলীয়া প্ৰেমৰ চিত্ৰ অংকিত কৰাৰ লগতে বিষাদৰ চিত্ৰও দাঙি ধৰিছে। কবিৰ মনত কিদৰে বিষাদৰ ভাৱ জাগি উঠিছিল এই কথাও সুন্দৰভাৱে প্ৰতিফলিত হৈছে। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতাৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঠমুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। বৌয়েককো সেউতীৰ মনৰ কথা জানিবলৈ খাটনি ধৰিছে। কিন্তু আঘোণৰ কুৱলীয়ে পথাৰখন ঢাকি লখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। সেউতাৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰিৰ মাজৰ ডালিম গুটীয়া দাঁত উলিয়াই মৰা হাঁহিটোত কবি অস্থিৰ হৈ পৰিছিল। কবিয়ে সেউতীক বিচাৰি আহোতে সেই হাঁহি দুৰৈৰ পৰাই শুনিবলৈ পাইছিল। আঘোণৰ সোণালী ধাননিয়ে মনন্ত সুখ আনন্দৰ বতৰা কঢ়িয়াই আনে। কবিৰ মনতো সেই বাসনাই উদ্বাউল কৰি তুলিছিল। আঘোণৰ আকাশেদি বন হাঁহ জাক উৰা মাৰি যোৱা দেখি কবিৰ মনো উৰা মাৰিছে সেউতীৰ ওচৰলৈ। এইদৰে আঘোণৰ সোণোৱালী পথাৰে কবিৰ প্ৰেমিক মনটোক আকৰ্ষিত কৰি তুলিছে।
প্ৰশ্ন ১৩। ব্যাখ্যা কৰাঃ উ: ম: ২০২০
আঘোণৰ আকাশেদি কোনোবা বিললে
মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ'ল ।
.......................................................
আঘোণৰ আকাশেদি ৰাগি আৰু ৰাগি।
উত্তৰ: উক্ত কবিভাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তৰ ৰচিত
আঘোণৰ কুঁৱলী' নামৰ কবিতাটিৰ পৰা অনা হৈছে। আঘোণ মাহৰ সোণোৱালী পথাৰত ব্যস্ত থকাৰ সময়তো যে ডেকা ডেকেৰীৰ মনত প্ৰেমৰ ভাৱ উদয় হব পাৰে কৰিয়ে উক্ত কবিতাফকিৰ দ্বাৰা তাকে ক'ব বিচাৰিছে।
আঘোণ মাহৰ পথাৰত সোণবৰণীয়া ধাননীয়ে। মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিৱেশে কবিৰ প্ৰেমিক মনটোক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। কবিয়ে। আঘোণ মাহৰ মাদকতাৰ কথা ভাবি কৈছে যে প্রেম হল স্বর্গীয় অনুভূতি। যিকোনো পৰিৱেশত ডেকা-গাভৰু মনত প্রেমানুভূতি জাগ্ৰত হ'ব পাৰে৷ আঘোণহীয়া আকাশৰ ওপৰেদি বন হাহ উৰি যোৱা দেখিলে ডেকা-গাভৰুৰ মনো ভাল পোৱাজনৰ কাষলৈ উৰা মাৰে। পকা ধানৰ মাজত দাৱনীহঁতক দেখিলে কবিয়ে পাহৰি যায় দুখ-বেদনা। এই সারনীজাকৰ মাজতে তেওঁৰ প্ৰিয়তমা সেউতীও থাকিব পাৰে বুলি কৰি মন উপগ্ৰীৱ হৈ পৰে। সিহঁতৰ খিল খিল হাঁহিবোৰে কবিক উদ্বাউল কৰি তোলে।
প্ৰশ্ন ১৪। কেশৱ মহন্তই তেওঁৰ কৰ্মজীৱন কোনখন শিক্ষানুষ্ঠানত আৰম্ভ কৰিছিল ?
উত্তৰ: কেশৱ মহন্তই জামুগুৰিহাট হাইস্কুল শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল
A good news to all Hs Students
2024 বৰ্ষৰ Hs 2nd Year ছাত্র-ছাত্ৰীৰ সুবিধার্থে English, Assamese, Physics, Chemistry,Biology আৰু Logic & Philosophy Model Question Paper ইতিমধ্যে Publish কৰা হৈছে, তলৰ link টোত Click কৰি Model বোৰ Purchase কৰিব পাৰিব।

No comments:
Post a Comment