আনন্দৰাম বৰুৱা

                                                 লেখক: উপেন্দ্রচন্দ্ৰ লেখাৰু

                                                     পাঠভিত্তিক প্রশ্নোত্তৰ


আৰ্হি প্রশ্ন


(ক) অতি চমু প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১)
১। উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল ?
উত্তৰ: উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল ।  
 
২। উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন কি ?
উত্তৰ: উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন হ’ল- ‘কথা-গুৰু  চৰিত’ ।
৩। ‘আনন্দৰাম বৰুৱা’ শীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু কি ?
উত্তৰ: ‘আনন্দৰাম বৰুৱা’ শীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু হ’ল- জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয় ।
 
৪। আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম কি ?
উত্তৰ: আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম হ’ল- অমৰকোষ ।
 
৫। আনন্দৰাম বৰুৱাৰ কʼত জন্ম হৈছিল ? 
উত্তৰ: উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।
৬। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কʼলৈ গৈছিল ?
উত্তৰ: ভাৰতত শিক্ষা শেষ কৰি আনন্দ ৰাম বৰুৱা সুদূৰ ইউৰােপলৈ গৈছিল।
৭। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ?
উত্তৰ: আনন্দৰাম বৰুৱাই "মহাবীৰ চৰিতত" কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।
৮। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।
উত্তৰ: আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা বিদেশী পণ্ডিত জন হʼল – জগতবিখ্যাত পণ্ডিত মেক্স মূলাৰ।
৯। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল ? 
উত্তৰ: আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কৰ্ম।
১০। কি কি কথাৰ ৰাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব ?
উত্তৰ: নৱযুগৰ আৰম্ভণী অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তােলাৰ বাবে আনন্দ ৰাম বৰুৱা সদায় পূজ্য হৈ থাকিব।

(খ) চমু প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ / ৩)
১। আনন্দৰাম বৰুৱাৰ কোনবােৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ?
উত্তৰ: আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনৰ প্রতি শ্রদ্ধা, ভক্তি, স্বদেশপ্রেম, জ্ঞান চর্চাৰ প্ৰতি স্পৃহা, একাগ্রতা, কর্মদক্ষতা আদি গুণবােৰ সদায় অনুকৰণ কৰিবলগীয়া ৷
২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰােপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ? 
উত্তৰ: আজিকালি বিলাতলৈ অনেক যায়। গতিকে বর্তমান ই একো আচৰিত হােৱা কথা নহয়। কিন্তু, আনন্দ ৰাম বৰুৱাই যি কালত বিলাতলৈ গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰােপলৈ যাবলৈ সাহ কৰিছিল। যিসকলে সাত সাগৰ, তেʼৰ নদী পাৰ হৈ দুর্গম পথ অতিক্রম কৰাৰ সাহ কৰিব পাৰে, তেনে সাহসিয়ালহে ইউৰােপলৈ গৈছিল। যাওঁতে অশেষ পৰিশ্ৰমৰাে আৱশ্যক আছিল। পৰিশ্ৰম নকৰা আৰু সাহ নথকা লােকসকলে ইউৰােপলৈ যাবলৈ সাহস গােটাব পৰা নাছিল। তাৰােপৰি বিলাতলৈ গ'লে নিজৰ জাতি যােৱাৰ ভয় থাকে। অধিকসংখ্যক লােকেই পৰিশ্ৰম নকৰা, সাহসৰ অভাৱী আৰু জাতি যাবলৈ নিবিচৰাৰ বাবেই নিচেই কম ভাৰতৰ মানুহহে সেইসময়ত বিলাতলৈ গৈছিল। জ্ঞানৰ প্ৰতি থকা একান্ত আগ্রহৰ বাবে তেওঁলােকে ইউৰােপলৈ যাব পাৰিছিল।
৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ?
উত্তৰ: জগত বিখ্যাত পণ্ডিত হৈয়াে আনন্দৰাম বৰুৱাই দুর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি সন্তোষ লাভ কৰিছিল।
৪। আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। 
উত্তৰ: আনন্দৰামৰ মহৎ আদৰ্শৰ কথা আলােচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি তেওঁৰ স্মৃতিত গ্রন্থাদি ৰচনা কৰি, অনুসন্ধান সমিতি আদিৰ সূত্রপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰাে আৰু মহৎ আদৰ্শৰ প্রতি শ্রদ্ধা দেখুৱাই আমাৰ নিজ মনােবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰো। 


(গ) দীঘল প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ /৫)
১| মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰি পাৰে ? আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।
উত্তৰ: উক্ত বাক্যশাৰী উপেন্দ্র চন্দ্ৰ লেখাৰুদেৱে আনন্দ ৰাম বৰুৱাৰ আদৰ্শ আৰু কৰ্মৰ কথা ক'বলৈ গৈ মন্তব্য কৰিছে। আনন্দ ৰাম বৰুৱাই অসমৰে এখন সৰু গাৱঁত আন সাধাৰণ অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল বুলি লেখাৰুৱে কৈছে। কিন্তু, আনন্দৰাম একান্তভাৱে জ্ঞান চর্চা কৰা অসাধাৰণ ব্যক্তি আছিল। ইয়েই তেওঁক বিশেষত্ব। ইয়েই তেওঁ মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁৰ মূল্যৱান সংস্কৃতৰ গ্রন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। ইয়াৰ উপৰি, তেওঁ তেওঁৰ জীৱনত যিবিলাক আদর্শ দেখুৱাই গৈছে সেইবােৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওতা ৰূপে আনন্দৰামক সদায় স্মৰণ কৰি আকাৰহীন আনন্দ ৰামক মূর্তিমন্ত কৰি সদায় চকুৰ আগত ৰখাৰ পােষক অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৱে কৰিছে। অধ্যাপক লেখাৰুৰ মতে প্ৰকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।
২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল ?
উত্তৰ: একাগ্রতাৰ গুণতে আনন্দ ৰাম বৰুৱাই অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হʼব পাৰিছিল। একাগ্রতাৰ গুণেই আনন্দৰামক সাহস আৰু শক্তিদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলাে জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। লʼৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যােগ দিওঁত আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা-পঢ়া বিষয়তাে তেওঁ একমন আছিল। সেয়েহে গােটেই অমৰ কোষখনি তেওঁ লʼৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাৱক মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ব কৰিব নােৱাৰে আৰু কোনাে বিষয়তে সফল হব নােৱাৰে। আনন্দ ৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁ একাগ্রতাৰে জ্ঞান চৰ্চাৰ অনুৰাগ সাধনাক প্ৰৱলভাৱে অব্যাহত ৰাখিছিল।
৩।  প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা- ‘কৰ্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।
উত্তৰ: উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভʼৰ অন্তৰ্গত উপেন্দ্র চন্দ্ৰ লেখাৰু দেৱৰ ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্মই ধর্ম। উক্ত কথাফাঁকিৰ দ্বাৰা এই কথাটিকে বুজোৱা হৈছে।
আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম। তেওঁৰ মতে কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। তেওঁ কেতিয়াও কামৰ বাবে প্রশংসা বা মান নিবিচাৰিছিল। আনন্দৰাম বৰুৱাৰ কর্মময় জীৱনত জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লােকেও বিস্ময় মানিছিল। অদম্য কর্মস্পৃহা আৰু কৰ্মী মনােভাৱ থকা বাবেই জীৱনকালৰ অতি চমু যাত্ৰাতাে তেওঁ অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰি বিশ্ববিখ্যাত হৈ পৰিছিল। সেয়ে লেখকে জীৱনৰ আন এটি নাম কর্ম বুলি কৈছে আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি উল্লেখ কৰিছে।

৪ । ʼআনন্দৰামৰ নিজ দেশৰ প্রতি ভক্তিও কম নাছিল’--- বুজাই লিখা।
উত্তৰ: আনন্দৰামৰ নিজ দেশৰ প্রতি ভক্তি কম নথকাৰ কথাটো অধ্যাপক.উপেন্দ্র চন্দ্র লেখাৰুৱে পাঠটিত উদাহৰণৰ সৈতে প্রমাণ কৰি দেখুৱাইছে । ‘প্রাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্রকাশিত গ্রন্থসমূহতে আনন্দৰামে এইদৰে পৰিচয় দিছে। তেওঁৰ ‘মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখােতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে। এইদৰে য’তে সুবিধা পাইছে ততে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি তেওঁ স্বদেশপ্রেমৰ পৰিচয় দিছে। শ্রদ্ধেয় ভূঞা ডাঙৰীয়াই দিয়া আনন্দ ৰাম বৰুৱা জীৱনীৰ বিৱৰণবােৰৰ পৰা আমি জানিব পাৰাে যে তেওঁ সদায় নিজ দেশ আৰু দেশৰ লােকসকলৰ সন্মান ৰক্ষা কৰিছিল। আমিও কব পাৰাে যে যি দেশৰ পিতৃ-মাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞান-পিপাসু আৰু প্রকৃত কর্মী‌ পূত্ৰৰ জন্ম হব পাৰে সেই দেশৰ নৰ-নাৰী আটাইয়ে শ্রদ্ধা পায়।

৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।
উত্তৰ: অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দ ৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ কমে হৈছিল বুলি ক'ব নােৱাৰি। পাশ্চাত্যৰ লােকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলােচনা কৰিবলৈ সুবিধা পােৱা নাছিল। কিন্তু আনন্দ ৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদর্শ কৰি ভাৰততাে বহুতে সংস্কৃত চর্চা কৰিবলৈ ধৰিলে। আমাৰ অসমৰ লােকসকলৰ তেওঁ গৌৰৱ ৰবি। আজিও যিসকল লােকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলাে প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে। একাগ্রতা আৰু অধ্যৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে আনন্দ ৰাম বৰুৱাই যিজনে প্রথমে নৱযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্রত্যয় জন্মালে তেওঁ হৈছে আনন্দ ৰাম বৰুৱা। আনন্দ ৰাম বৰুৱাই তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল।

                                               A good news to all Hs Students                                                      


2024 বৰ্ষৰ Hs 2nd Year ছাত্র-ছাত্ৰীৰ সুবিধার্থে English, Assamese, Physics, Chemistry,Biology আৰু Logic & Philosophy Model Question Paper ইতিমধ্যে Publish কৰা হৈছে, তলৰ link টোত Click কৰি Model বোৰ Purchase কৰিব পাৰিব।